পৰিবৰ্তী প্রবাহ ::-
যি প্ৰবাহৰ মান অবিৰতভাবে আৰু দিশ নির্দিষ্ট সময়ৰ মূৰে মূৰে সলনি হৈ থাকে তাকে পৰিবৰ্তী প্রবাহ বোলে |
AC জেনেৰেটৰত , এক সূষমচুম্বক ক্ষেত্রত , কুণ্ডলীৰ কাৰ্য্যকাৰী কালি সলনি কৰাৰ ফলত আবিষ্ট হোৱা বিদ্যুৎ চালক বলৰ মান অবিৰতভাবে আৰু দিশ নির্দিষ্ট সময়ৰ মূৰে মূৰে সলনি হৈ থাকে | এই বিদ্যুৎ চালকবলকপৰিবৰ্তী বিদ্যুৎ চালক বল বোলা হয় |
ইয়াৰ মান , e = E0 sin ωt ………………..(1) , যত ω AC জেনেৰেটৰৰ কুণ্ডলীৰ কৌণিক কম্পনাংক |
যদি T AC জেনেৰেটৰৰ কুণ্ডলীৰ পর্য্যায় কাল তেন্তে ω = 2π /T , (1) = > e = E0 sin (2π /T) t ………………..(2)
যদি ν , AC জেনেৰেটৰৰ কুণ্ডলীৰ কম্পনাংক , (2) => e = E0 sin 2π ν t ………………..(3)
আৰু হৈছে পৰবৰ্তী বিভবৰ শীৰ্ষমান|
AC জেনেৰেটৰত উৎপন্ন হোৱা প্রবাহকেপৰিবৰ্তী প্রবাহ বোলা হয় | ইয়াৰ প্ৰকাশৰাশি –
……..(4)
যত , হৈছে পৰবৰ্তী প্রবাহৰ শীৰ্ষমান , R হৈছে কুণ্ডলীৰ ৰোধ |
01- Q:- পৰিবৰ্তী প্ৰবাহৰ গড় মান কাক বোলে ? পৰিবৰ্তী প্ৰবাহৰ গড়মান আৰু শীৰ্ষমানৰ মাজৰ সম্বন্ধটো স্থাপন কৰা |
Ans :- পৰিবৰ্তী প্ৰবাহৰ গড় মান হৈছে প্রত্যক্ষ প্ৰবাহৰ সেই মান , যিটো পৰিবৰ্তী প্ৰবাহৰ এটা অৰ্ধচক্ৰত প্রবাহিত হোৱা বৈদ্যুতিক আধানৰ দ্বাৰা গঠিত হয় |
ধৰাহল হৈছে এক পৰিবৰ্তী প্ৰবাহ , যাৰ পর্য্যায়কাল T | ইয়াৰ তাৎক্ষানিকমান , ……………………(1)
গতিকে পৰিবৰ্তী প্ৰবাহৰ এটা অৰ্ধচক্ৰত প্রবাহিত হোৱা বৈদ্যুতিক আধানৰ পৰিমান –
………………..(2)
গতিকে পৰিবৰ্তী প্ৰবাহৰ গড় মান হৈছে ,
……………(3)
=> Im = 0.637 I0 ……….. (4)
পৰিবৰ্তী প্ৰবাহৰ গড় মান হৈছে I0 ৰ 63.7 %
02 – Q:- পৰিবৰ্তী প্ৰবাহৰ অসৎ মান বা গঁড় বৰ্গৰ মূল মান কাক বোলে ? ইয়াৰ পৰিবৰ্তী প্ৰবাহৰ শীৰ্ষমানৰ লগত হোৱা সম্বন্ধটো স্থাপন কৰা |
Ans – পৰিবৰ্তী প্ৰবাহৰ অসৎমান বা গঁড় বৰ্গৰ মূল মান হৈছে প্রত্যক্ষ প্ৰবাহৰ সেই মান , যি উক্ত পৰিবৰ্তী প্ৰবাহৰ সম্পূর্ণ চক্ৰৰ সময়ত , কোনো এক ৰোধত উৎপন্ন কৰা তাপৰ সমান তাপ , একে ৰোধত , একে সময়ত উৎপন্ন কৰে |
ধৰাহল হৈছে এক পৰিবৰ্তী প্ৰবাহ , যাৰ পর্য্যায়কাল T | ধৰাহল ই কোনো এক ৰোধ R – ত , dt সময়ত , dH পৰিমানৰ তাপ উৎপন্ন কৰে |
……..(1)
গতিকে পৰিবৰ্তী প্ৰবাহে ইয়াৰ পূৰ্ণ চক্ৰৰ সময়ত ৰোধ R ত উৎপন্ন কৰা তাপৰ পৰিমান –
…………………..(2)
যদি পৰিবৰ্তী প্ৰবাহৰ অসৎমান বা গঁড় বৰ্গৰ মূল মান হয় , তেন্তে ইয়াৰ সংজ্ঞা মতে
…………….(3)
…….(4)
পৰিবৰ্তী প্ৰবাহৰ অসৎমান বা গঁড় বৰ্গৰ মূল মান হৈছে I0 ৰ 70.7 %
03- Q:- পৰিবৰ্তী প্ৰবাহৰ গড় মান , উক্ত পৰিবৰ্তী প্ৰবাহৰ সম্পূর্ণ চক্ৰৰ বাবে শূণ্য হয় |
ধৰাহল হৈছে এক পৰিবৰ্তী প্ৰবাহ , যাৰ পর্য্যায়কাল T | ইয়াৰ তাৎক্ষানিকমান , ……………………(1)
গতিকে পৰিবৰ্তী প্ৰবাহৰ এটা সম্পূর্ণ চক্ৰত প্রবাহিত হোৱা বৈদ্যুতিক আধানৰ পৰিমান –
………………..(2)
গতিকে পৰিবৰ্তী প্ৰবাহৰ সম্পূর্ণ চক্ৰত বাৱে গড় মান হৈছে ,
…………(3)
গতিকে পৰিবৰ্তী প্ৰবাহৰ গড় মান , উক্ত পৰিবৰ্তী প্ৰবাহৰ সম্পূর্ণ চক্ৰৰ বাবে শূণ্য হয় |
04.Q:- ৰোধকীয় বৰ্তনী মাজেৰে যোৱা পৰিবৰ্তী প্ৰবাহৰ প্ৰকাশৰাশি নিৰ্ণয় কৰা | দশা চিত্ৰৰ বা ফেজাৰচিত্রৰ সহায়ত বিভব আৰু প্ৰবাহৰ মাজৰ সম্বন্ধ নিৰূপণ কৰা |
Ans:- ধৰাহল e = E 0 sin ωt হৈছে এক পৰিবৰ্তী প্ৰবাহৰ উৎসৰ বিদ্যুৎ চালক বল যাক R ৰোধৰ ৰোধকৰ লগত সংযোগ কৰা হয় |
শক্তিৰ ৰক্ষণশীলতাৰ নীতি অনুসৰি , …..(1)
ও’মৰ সূত্ৰ অনুসৰি ,
…………….(2)
গতিকে দেখা যায় যে বিশুদ্ধ ৰোধক থকা বৰ্তনীত পৰিবৰ্তী প্ৰবাহ আৰু বিভব একে দশকত থাকে।
05.Q:- আৱেশীয় বৰ্তনী মাজেৰে যোৱা পৰিবৰ্তী প্ৰবাহৰ প্ৰকাশৰাশি নিৰ্ণয় কৰা | দশা চিত্ৰৰ বা ফেজাৰচিত্রৰ সহায়ত বিভব আৰু প্ৰবাহৰ মাজৰ সম্বন্ধ নিৰূপণ কৰা |
ধৰাহল e = E 0 sin ωt পৰিবৰ্তী প্ৰবাহৰ উৎসৰ বিদ্যুৎ চালক বল , যাক L স্ৱয়মাৱেশকৰ বিশুদ্ধ আবেশকৰ লগত সংযোগ কৰা হয়।
আমি জানো যে আবেশকত আবিষ্ট পশ্যাৎমূখী বিদ্যুৎ চালক বল , ……….(1)
শক্তিৰ ৰক্ষণশীলতাৰ নীতি অনুসৰি , …..(2)
বৰ্তনীত প্ৰবাহিত পৰিবৰ্তী প্ৰবাহৰ প্ৰকাশৰাশি –
য’ত , হৈছে আৱেশকৰ আৱেশীয় প্ৰতিৰোধ
…………….(3)
গতিকে দেখা যায় যে বিশুদ্ধ আবেশক থকা বৰ্তনীত , বিভব পৰিবৰ্তী প্ৰবাহত কৈ ৰ দশা কোণত আগবাঢ়ি থাকে।
06.Q:- ধাৰকীয় বৰ্তনী মাজেৰে যোৱা পৰিবৰ্তী প্ৰবাহৰ প্ৰকাশৰাশি নিৰ্ণয় কৰা | দশা চিত্ৰৰ বা ফেজাৰচিত্রৰ সহায়ত বিভব আৰু প্ৰবাহৰ মাজৰ সম্বন্ধ নিৰূপণ কৰা |
ধৰাহল e = E 0 sin ωt পৰিবৰ্তী প্ৰবাহৰ উৎসৰ বিদ্যুৎ চালক বল , যাক C ধাৰকত্বৰ বিশুদ্ধ ধাৰকৰ লগত সংযোগ কৰা হয়।
ধাৰকত্বৰ সংজ্ঞা মতে , ……………………..(1)
শক্তিৰ ৰক্ষণশীলতাৰ নীতি অনুসৰি , …..(2)
বৰ্তনীত প্ৰবাহিত পৰিবৰ্তী প্ৰবাহৰ প্ৰকাশৰাশি –
য’ত , হৈছে ধাৰকৰ ধাৰকীয় প্ৰতিৰোধ
……………….(3)
গতিকে দেখা যায় যে বিশুদ্ধ ধাৰক থকা বৰ্তনীত বিভব পৰিবৰ্তী প্ৰবাহত কৈ ৰ দশা কোণত পিছপৰি থাকে।
07.Q:- LCR বৰ্তনী মাজেৰে যোৱা পৰিবৰ্তী প্ৰবাহৰ প্ৰকাশৰাশি নিৰ্ণয় কৰা | দশা চিত্ৰৰ বা ফেজাৰচিত্রৰ সহায়ত বিভব আৰু প্ৰবাহৰ মাজৰ সম্বন্ধ নিৰূপণ কৰা |
Ans:- LCR বৰ্তনী এটা হৈছে এক R ৰোধৰ ৰোধক , L স্ৱয়মাবেশকৰ এক আৱেশক আৰু C ধাৰকত্বৰ ধাৰকৰ পৰিবৰ্তী প্ৰবাহৰ উৎসৰ লগত কৰা শ্ৰেণীবদ্ধ সংযোগ।
ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে , LCR বর্তনীত বিভিন্ন উপাদানত দেখা দিয়া বিভব পাৰ্থক্যৰ প্ৰবাহৰ লগত হোৱা দশা সম্বন্ধ
(1) ৰোধকত | V R = I0 R | V R আৰু I0 একে দশাত আছে |
(2)আৱেশকত | V L = I0 XL | V L, I0 ত কৈ ৰ দশা কোণত আগবাঢ়ি থাকে |
(3)ধাৰকত | V C = I0 XC | V C , I0ত কৈ ৰ দশা কোণত পিছপৰি থাকে |
LCR বর্তনীত বিভিন্ন উপাদানত দেখা দিয়া বিভব পাৰ্থক্য আৰু প্ৰবাহৰ মাজত হোৱা দশা চিত্ৰৰ বাবে, ধৰাহল , আৰু লগতে I , VR ৰ দিশত |
চিত্ৰৰপৰা ,
আয়ত OAED সম্পূর্ণ কৰি, ইয়াৰ কর্ণ এ আমাক LCR বৰ্তনীৰ দেখা দিয়া লদ্ধ বিভবভেদৰ মান দিব |